শনিবাৰে পুৱা পুনৰ দুটাকৈ বিস্ফোৰণে কঁপাই তুলিছে জম্মু-কাশ্মীৰ। এই বিস্ফোৰণত কেইবাগৰাকীও লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জম্মুৰ নৰৱাল অঞ্চলৰ এটা ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ।
এই বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্য বিস্ফোৰণস্থলীত ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে এই বিস্ফোৰণত ৬ গৰাকী লোক আহত হোৱা বুলি নিশ্চিত কৰিছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে এগৰাকীৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে।
ইফালে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই বিস্ফোৰণক গৰিহণা দি আহতসকলক ৫০ হাজাৰ টকা আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। বিস্ফোৰণক গৰিহণা দি এনে কু-কাৰ্যই অপৰাধীসকলৰ হতাশা আৰু কাপুৰুষতাক স্পষ্টকৈ প্ৰকাশ কৰি তুলিছে বুলি মন্তব্য কৰে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই। তেওঁ লগতে দোষীৰ বিৰুদ্ধে তাৎক্ষণিক আৰু দৃঢ় পদক্ষেপ ল’বলৈ আৰক্ষীক আহ্বান জনায়।
উল্লেখ্য যে বৰ্তমান ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে। জম্মুৰ পৰা ৬০ কিলোমিটাৰতকৈ কিছু দূৰত্বৰ চাদৱালত যাত্ৰা বিৰতি লৈ আছে পদযাত্ৰাকাৰীসকলে। এনে পৰিস্থিতিত আজিৰ এই বিস্ফোৰণে ভাৰত জোড়ো যাত্ৰাৰ নিৰাপত্তাজনিত দিশৰ প্ৰতি সংশয়ৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা ভাৰত জোড়ো যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ’ব।