তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পত এতিয়ালৈকে প্ৰায় ৮ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। তিনিদিন ধৰি ধাৰাবাহিকভাৱে দুৰ্গত লোকক উদ্ধাৰৰ চেষ্টা চলাই আহিছে উদ্ধাৰকাৰী দলে। বেয়া বতৰ আৰু তীব্ৰ ঠাণ্ডাত উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰিছে।
অৱশ্যে ইয়াৰ মাজতো উদ্ধাৰ কৰ্মীসকলে ধ্বংসাৱশেষত আৱদ্ধ লোকসকলক উলিয়াই উদ্ধাৰ কৰাৰ বাবে নিৰন্তৰভাৱে ব্যস্ত হৈ আছে।
উল্লেখ্য যে, ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু হাজাৰ হাজাৰ অট্টালিকা খহি পৰিছে। খহি পৰা আট্টালিকা তথা আৱাসগৃহৰ ধ্বংসস্তূপত আৱদ্ধ হৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত প্ৰায় ৮,০০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভূমিকম্পত মৃতকৰ সংখ্যা মাত্ৰ এটা দিনতে দুগুণলৈ বৃদ্ধি পাইছে। সংস্থাটোৰ মতে মৃত্যুৰ সংখ্যা আঠগুণলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
সোমবাৰে তুৰস্কত এটাৰ পিছত এটাকৈ ৩ টা ভূমিকম্পৰ কঁপাই গৈছিল। যি তিনিটা ভূমিকম্পৰ তীব্ৰতা আছিল ক্ৰমে ৭.৮, ৭.৫ আৰু ৭.৮ প্ৰাবল্যৰ।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, বহু অঞ্চলত বিদ্যুৎ আৰু তেলৰ নাটনিও হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলত দিনে নিশাই উদ্ধাৰ অভিযানত লিপ্ত হৈছে উদ্ধাৰকাৰী। তুৰ্কীৰ ৰাষ্ট্ৰপতি টাইপ এৰদোগানে সোমবাৰে সদৰী কৰিছিল যে বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযান অধিক কঠিন হৈ পৰিছে।