শনিবাৰে মুম্বাইৰ দাদাৰৰ ফেগী অডিটৰিয়ামত মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউঞ্চিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এক ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে।

তেওঁ কয় যে   এতিয়াৰে পৰা হিন্দী ভাষাৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষাটো উপলব্ধ হ’ব উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি। যেতিয়ালৈ দেশৰ সাধাৰণ লোকে বুজি পোৱাকৈ আদালতৰ সিদ্ধান্তবোৰৰ তথ্য সমূহ প্ৰকাশ নাপায়, তেতিয়ালৈ ন্যায়ৰ ব্যৱস্থাটো অৰ্থপূৰ্ণ নহ’ব বুলি ন্যায়াধীশ গৰাকীয়ে মন্তব্য প্ৰগান কৰে।

এই সকলোবোৰ কাম কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱস্থাৰ দ্বাৰা সহজে কৰিব পৰাৰ লগতে ন্যায় ব্যৱস্থাটোক কাগজ বিহীন কৰি প্ৰযুক্তি সক্ষম কৰা লক্ষ্য বুলি দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে,  দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ সিদ্ধান্তক সমৰ্থন কৰি কয় যে,  “ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষা আছে, যিয়ে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক সজীৱতা বৃদ্ধি কৰে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ভাষাসমূহক উৎসাহিত কৰাৰ বাবে অজস্ৰ প্ৰচেষ্টা চলাই আছে, যাৰ ভিতৰত নিজৰ মাতৃভাষাতেই অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ দৰে বিষয় অধ্যয়নৰ বিকল্পও আছে”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply