নতুন দিল্লীঃ দিল্লীৰ এখন আদালতে সোমবাৰে আম আদমী পাৰ্টীৰ (আপ) নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ১৭ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।
চিছোদিয়াৰ ১০ দিনৰ জিম্মা বিচাৰি ইডিয়ে আদালতৰ কাষ চপাৰ পিছতে এই নিৰ্দেশ প্ৰদান কৰে বিশেষ ন্যায়াধীশ এম কে নাগপালে।
উল্লেখ্য যে চিছোদিয়াক বৃহস্পতিবাৰে সন্ধিয়া তিহাৰ কাৰাগাৰত কেইবাঘণ্টা ধৰি সোধ-পোছ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। সম্প্ৰতি ইডিয়ে দিল্লী আবকাৰী নীতিৰ গোচৰটো বিত্তীয় খেলিমেলিৰ দিশৰ পৰা তদন্ত কৰি আছে।
ইয়াৰ পূৰ্বে ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইয়ে সুৰা নীতিৰ গোচৰত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে সেই গোচৰত তেওঁ ন্যায়িক জিম্মাত আছে।
স্মৰ্তব্য যে তেওঁ ৬ মাৰ্চলৈকে চিবিআইৰ জিম্মাত আছিল আৰু ইয়াৰ পিছত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
অভিযোগ কৰা হৈছে যে চিছোদিয়া আৰু আপৰ আন সদস্যসকলে উৎকোচ লৈ ভালেমান ব্যৱসায়ীক সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ দিহা কৰিছিল।
লগতে অভিযোগ কৰা হৈছে যে আবকাৰী শুল্ক নীতিও সেইসকল অসাধু ব্যৱসায়ীৰ হিতাৰ্থে সলনি কৰা হৈছিল আৰু তাৰ বিনিময়ত উৎকোচ লাভ কৰিছিল।
কালি আদালতৰ শুনানিৰ সময়ত, ইডিয়ে কয় যে দক্ষিণ ভাৰতৰ এটা গোটক লাভান্বিত কৰিবলৈ আবকাৰী নীতিৰ পৰিৱৰ্তন কৰা হৈছিল।
ইডিৰ পৰামৰ্শদাতা জোহেব হুছেইনে এই সন্দৰ্ভত কয়, “দক্ষিণৰ এটা গোটক লাভান্বিত কৰিবলৈ এই সকলো পৰিৱৰ্তন কৰা হৈছিল। অনুগ্ৰহ কৰি চাওক কেনেদৰে কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানে বৃহৎ লাভালাভ পোৱাটো নিশ্চিত কৰিবলৈ আঁচনিখন প্ৰস্তুত কৰা হৈছিল।”
হুছেইনে লগতে কয় যে চিছোদিয়াই জনসাধাৰণৰ মতামতৰ সঁহাৰিস্বৰূপে নীতি পৰিৱৰ্তন কৰা হৈছিল বুলি কোৱা কথা শুদ্ধ নহয়।