শ্বাহৰুখ খান অভিনীত পাঠানৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে মহানগৰীৰ নাৰেংগীত ছবিখনৰ পোষ্টাৰ জ্বলালে বজৰং দলৰ কৰ্মীয়ে।

দেশৰ আন প্ৰান্তৰ দৰে অসমত প্ৰতিবাদ তীব্ৰ নাছিল যদিও শুকুৰবাৰে সন্ধিয়া বজৰং দলৰ কৰ্মীসকলে অহা সপ্তাহত মুক্তি পাব লগীয়া ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নাৰেংগীৰ গোল্ড চিনেমা হলত তাণ্ডৱ সৃষ্টি কৰে।

কৰ্মীসকলে ছবিখনৰ পোষ্টাৰখন ছিঙি জুই লগাই দিয়ে। ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ইতিমধ্যে বিয়পি পৰিছে। প্ৰতিবাদকাৰীসকলে পোষ্টাৰ জ্বলাই দিয়াৰ সময়ত জয় শ্ৰীৰাম শ্ল’গান দিয়াও শুনা যায়।

একাংশ স্থানীয় লোকে কয় যে অঞ্চলটো এটা ব্যস্ত জনবসতিপূৰ্ণ অঞ্চল আৰু আৰক্ষীৰ উপস্থিতি পৰ্যাপ্ত হোৱা স্বত্বেও উক্ত তাণ্ডৱ সংঘটিত হোৱাৰ সময়ত কোনো আৰক্ষী দেখা যোৱা নাছিল।

সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত পাঠান ছবিখন অহা ২৫ জানুৱাৰীত মুক্তি পাব। ছবিখন হিন্দী,  তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়া হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply