১৮ ফেব্ৰুৱাৰী অৰ্থাৎ মহা শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচিত হ’ব সুউচ্চ শিৱ মূৰ্তি। এই মূৰ্তিটো বিশ্বৰ ভিতৰত ষষ্ঠতম উচ্চ বুলি জানিব পৰা গৈছে। ইয়াৰ উচ্চতা প্ৰায় ৯১ ফুট। নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই সুউচ্চ শিৱ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে।

উল্লেখ্য যে,  নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত এই সুউচ্চ শিৱ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিটো নিৰ্মাণ কাৰ্য্যৰ বাবে মুঠ ৩২ লাখ টকা ব্যয় কৰা হৈছে। বিশ্বৰ ভিতৰত ষষ্ঠতম উচ্চতাৰ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।

আনহাতে,  এই সুউচ্চ শিৱ মূৰ্তিটো উন্মোচন কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই। ইয়াৰোপৰি উন্মোচনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব‌ বুলি জানিব পৰা গৈছে।

ইফালে এই বিশাল শিৱ মূৰ্তিটোক লৈ নলবাৰীত এতিয়া ব্যাপক উৎসাহ দেখিব পোৱা গৈছে। এই শিৱ মূৰ্তি দৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন স্হানৰ পৰা ভক্তৰ অগনন সোঁত বোৱা দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply