গুৱাহাটী : সোণাইঘূলি, বেলতলা আৰু বৰবাৰীৰ পিছত মাছখোৱাত ডায়মণ্ড ষ্টাৰ ক্লাবৰ সহযোগত নিজৰ তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰ জিচিএফচি ফুটবল স্কুল আৰম্ভ কৰিছে গুৱাহাটী চিটী এফচি চমুকৈ জিচিএফচিয়ে৷ মহানগৰীৰ চুকেকোণে থকা শিশু প্ৰতিভা বিচাৰি উলিয়াই উপযুক্ত প্ৰশিক্ষণৰ লগতে প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ দিয়াৰ বাবে জিচিএফচিয়ে আৰম্ভ কৰা এই ফুটবল স্কুল সমূহৰ পৰা বহু খেলুৱৈয়ে ইতিমধ্যে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে।

জিচিএফচিৰ অনুৰ্ধ ১৩ দলটো গুৱাহাটী ক্ৰীড়া সন্থাৰ অনুৰ্ধ ১৩ লীগৰ চেম্পিয়ন হোৱাৰ লগতে অনুৰ্ধ ৮ আৰু ১০ শাখাত গ্ৰেটাৰ গুৱাহাটী বেবী লীগ তথা এপিআৰঅ’ বেবী লীগৰ চেম্পিয়ন হৈছে৷ ক্লাবৰ প্ৰতিভাৱান অনুৰ্ধ ১৩ খেলুৱৈ ক্ৰমে দিব্যপ্ৰতিম বসুমতাৰী, উৎকৰ্ষ বৰা আৰু প্ৰীতম ব্ৰহ্মই মিনাৰ্ভা আৰু ৰিলায়েন্স ইয়ং চেম্প্‌ছৰ দৰে একাডেমীলৈ নিৰ্বাচিত হৈছে। এনেদৰে খেলুৱৈ উৎপাদনৰ প্ৰক্ৰিয়া অধিক প্ৰসাৰিত কৰিবলৈকে জিচিএফচিয়ে মহানগৰীৰ বিভিন্ন স্থানত ফুটবল স্কুল আৰম্ভ কৰিছে আৰু এইবাৰ মাছখোৱাৰ ঈদগাহ খেলপথাৰত চতুৰ্থটো শাখা আৰম্ভ হ’ব৷

লগতে পঢ়ক –  গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত হাটশিঙিমাৰীত উত্তাল প্ৰতিবাদ

ইয়াৰ পৰা প্ৰতিভাৰ ভিত্তিত খেলুৱৈ সকলে জিচিএফচিক বিভিন্ন জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুজ্ঞাপ্ৰাপ্ত প্ৰশিক্ষক প্ৰদ্যুম্ন গোস্বামী আৰু মেইটৰাম সুৰজ সিঙে ইয়াত খেলুৱৈ সকলক প্ৰশিক্ষণ দিব৷ অধিক তথ্যৰ বাবে ৭০০২২৮২৭৪৫/৭০০২৫৭০৮৭০ অথবা ৬০০১৮৩৮৫৪৮ নম্বৰত অথবা জিচিএফচিৰ ফেচবুক বা ইনষ্টাগ্ৰাম পেজ চাবলৈ অনুৰোধ জনোৱা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply