মানকাচৰ : মানকাচৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱলীলা। মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলঢালা, অয়ডোৱা পাহাৰীয়া গাঁৱত ধুমুহাৰ তাণ্ডৱ। তচ-নচ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। ধুমুহাত ভাঙিল বিদ্যালয়-উপস্বাস্থ কেন্দ্ৰ। ঘৰৰ তলত পৰি আহত ৭ জনকৈ লোক। বাগৰি পৰিল প্ৰকাণ্ড গছ, বিদ্যুৎৰ খুটা , বিদ্যুৎ সংযোগ বিচ্ছিন্ন।
দেওবাৰে পুৱতি নিশা প্ৰায় ২ বজাত মানকাচৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলঢালা আৰু অয়ডোৱা পাহাৰীয়া গাঁৱত বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱলীলাৰ ফলত প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, শিক্ষানুষ্ঠান, উপস্বাস্থ্য কেন্দ্ৰ বিস্তৰ ক্ষতি সাধণ হোৱাৰ লগতে ঘৰৰ তলত পৰি কেবাগৰাকী মহিলাসহ ৭ জনকৈ লোক আহত হয়। মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলঢালা আৰু অয়ডোৱা নামৰ দুখনকৈ পাহাৰীয়া গাঁৱত বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সাধাৰণ লোকৰ জনজীৱন ব্যহত হৈ পৰিছে।
ইয়াৰ মাজতে পুৱতি নিশাৰ ভাগত গাঁও দুখনত বৰদৈচিলাই তাণ্ডৱলীলা চলায়। পুৱতি নিশা প্ৰায় ২ বজাত অহা এই ধুমুহাৰ ফলত তেলঢালা গাঁৱৰ প্ৰায় ৭০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তচনচ হৈ পৰে। ধুমুহাই তেলঢালা গাঁৱৰ সুৰ্যদয় আদৰ্শ বিদ্যাপীঠৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে। ধুমুহাৰ সময়ত ঘৰ ভাঙি গাঁওখনৰ কেবাগৰাকী মহিলাসহ মুঠ ৭ জনকৈ লোক আহত হয়। আহত সকলক মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক – মন্ত্ৰী সঞ্জয় কিষাণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ আলফা স্বাধীনৰ
ইফালে পাৰ্শ্বৱৰ্তী অয়ডোৱা নামৰ পাহাৰীয়া হাজং গাৱতো একে সময়তে হোৱা ধুমুহাৰ ফলত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি নষ্ট হোৱাৰ লগতে এখন উপস্বাস্থ্য কেন্দ্ৰৰ উপৰত প্ৰকাণ্ড গছ পৰি উপস্বাস্থ্য কেন্দ্ৰখন বিধ্বস্ত হয়। গাঁও দুখনত ধুমুহাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাৰ লগতে বিদ্যুৎৰ খুটা ভাঙি পৰে। ফলত নিশাৰ ভাগৰে পৰা গাঁও দুখনত বিদ্যুৎ সেৱা ব্যহত হৈ আছে। মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াৰ দল এটা গাঁও দুখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।