মুম্বাইস্থিত ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনে বোমা বিস্ফোৰণ ঘটাই উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। এই ভাবুকিৰ পাছতে মঙলবাৰৰ পৰা মুম্বাই বিমানবন্দৰৰ নিৰাপত্তা যথেষ্ট বৃদ্ধি কৰা হৈছে।

আৰক্ষীয়ে দিয়া তথ্য মতে,  সোমবাৰে গভীৰ নিশা এজন ব্যক্তিয়ে মুম্বাই বিমানবন্দৰলৈ ফোন কৰি বিস্ফোৰক সামগ্ৰীৰে বন্দৰটো উৰুৱাই দিয়াৰ ভাবুকি দিয়ে।

ফোন কৰা ব্যক্তিজনে নিজকে ইৰফান আহমেদ শ্বেখ বুলি পৰিচয় দিয়ে আৰু সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ সদস্য বুলি দাবী কৰে।

ইতিমধ্যে, মুম্বাই আৰক্ষীয়ে বিমানবন্দৰৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ৫০৫(১) ধাৰাত এক গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply