বৃহস্পতিবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কেৰালাৰ কন্নুৰত। চকুৰ সন্মুখত সংঘটিত এই হৃদয় বিদাৰক ঘটনাই এতিয়া গভীৰ প্ৰভাৱ পেলাইছে কণমানি শ্ৰীপাৰ্বতীৰ জীৱনত। কণমানিটিৰ চকুৰ সন্মুখতে জ্বলি চাই হৈ গ’ল পিতৃ-মাতৃ।

জানিব পৰা মতে,  কণমানিটিৰ মাতৃ ৰীচা আছিল গৰ্ভৱতী। অধিৰ আগ্ৰহেৰে বাট চাই আছিল কণমানি শ্ৰীপাৰ্ৱতীয়ে আহিবলগীয়া শিশুটিক এই জগতলৈ আদৰি আনিবলৈ। কিন্তু সকলো সপোন যেন আধৰুৱা হৈ ৰ’ল। বৃহস্পতিবাৰে মাতৃ ৰীচাৰ প্ৰসৱৰ বেদনা আৰম্ভ হোৱাত পিতৃ প্ৰজিতে তেওঁক গাড়ীৰে হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিছিল। পিতৃ-মাতৃৰ সৈতে হাস্পতাললৈ যোৱাৰ বাবে ঠেহ ধৰিছিল শ্ৰীপাৰ্বতীয়েও।

কিন্তু হাস্পতাল পাবলৈ মাত্ৰ আৰু অলপ সময় বাকী থাকিল। সেই সময়তে হঠাৎ তেওঁলোকৰ গাড়ীখন দাউদাউকৈ জ্বলি উঠিল। জুই লগাৰ পিছতে পিছৰ চিটত বহি থকা শ্ৰীপাৰ্বতী আৰু পৰিয়ালৰ আন তিনিজন সদস্যই খৰখেদাকৈ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

আনফালে গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ দাউদাউকৈ জ্বলি উঠা জুইত জীয়াই জীয়াই অগ্নিদগ্ধ হয় গৰ্ভৱতী মাতৃ ৰীচা আৰু পিতৃ প্ৰজিত। পিতৃ-মাতৃক জ্বলি থকা দেখিও যেন নেদেখা হৈ পৰিল দুচকু, সেই সময়ত কান্দি থকাৰ বাহিৰে আন একো কৰিবলৈ সক্ষম নহ’ল শ্ৰীপাৰ্বতী বা উপস্থিত আনসকল লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply