হাৰিয়ানাৰ হিছাৰ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।
প্ৰাপ্ত বাতৰি মতে, হিছাৰৰ নগৌৰী গেটৰ সমীপৰ তিলক শ্যাম ৱালী গলিৰ নিৱাসী সৌৰভৰ গুৰুগ্ৰামত থকা ভাতৃৰ বিয়া আছিল। পৰিয়ালৰ বিয়ালৈ যাবৰ বাবে দুই ভাতৃয়ে একেলগে বাথৰুমত গা ধুবলৈ সোমাওতেই ঘটিল অতি ভয়ংকৰ ঘটনা।
সৌৰভৰ দুই পুত্ৰ ক্ৰমে ১৩ বছৰীয়া মাধৱ আৰু ৯ বছৰীয়া সোহম খুড়াকৰ বিয়ালৈ যাবলৈ অতি আনন্দিত আছিল। বিয়ালৈ যোৱাৰ আগতে যোৱা দেওবাৰে নাপিতৰ ওচৰলৈ চুলি কাটিবলৈ যায় মাধৱ আৰু সোহম।
আনহাতে, চুলি কাটি ওভতাৰ পাছত দুই ভাতৃয়ে একেলগে ঘৰৰ প্ৰথম মহলাত থকা বাথৰুমত গা ধুবলৈ সোমায়। বাথৰুমত লগোৱা গিজাৰ গেছ লিক হোৱাৰ ফলত দুই ভাতৃয়ে অকাল মৃত্যুক সাবটিব লগা হয়।
ইফালে শিশুদুটি বহুসময় ধৰি বাথৰুমৰ পৰা ওলাই নহাত মাতৃ হিমানীয়ে বাথৰুমৰ দুৱাৰ খুলি দুয়োকে অচেতন অৱস্থাত পৰি থকা দেখি হাহাকাৰ লাগে। তেওঁলোকৰ এই মৃত্যুয়ে পৰিয়ালৰ লগতে সকলোকে শোকস্তব্ধ কৰিছে।
ইতিমধ্যে মাধৱ আৰু সোহমক ওচৰৰ হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু ঘটে শিশু দুটিৰ।