নিউজ ডেস্ক: পুৱা ৯ বজাত নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটতৰ অসম সমবায় মৰাপাট কলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় বুজন পৰিমাণৰ কেঁচা মৰাপাট আৰু মৰাপাটৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত সামগ্ৰী, লগতে যন্ত্ৰ-পাতিৰো ক্ষতিসাধন হয়।
তথ্য অনুসৰি বৈদ্যুতিক মটৰৰ পৰা উৎপন্ন হোৱা ফিৰিঙটিৰ বাবে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । অগ্নিসংযোগ হোৱাৰ পাছতে কৰ্মীসকলৰ মাজত হুৱাদুৱা লাগে আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
খবৰ পোৱা মাত্ৰেই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলিত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয়। ইতিমধ্য সাতখনকৈ অগ্নিনিৰ্বাপক বাহনে জুই নুমুৱাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। কলৰ শ্ৰমিকসকলৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে অৰ্ধজলিত মৰাপাটসমূহ কলৰ বাহিৰলৈ উলিয়াই আনে।
অগ্নিকাণ্ডৰ ফলত কলটিৰ প্ৰায় ৩ কোটি টকাৰ ক্ষয় ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কল কৰ্তৃপক্ষই। অৱশ্যে অগ্নিকাণ্ডৰ পিছতে অচল হৈ পৰে কলটোৰ স্বাভাৱিক কাম-কাজ।