ৰাজ্যৰ শক্তি বিভাগৰ ২,৩২০ টা পদত নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি আজি প্ৰকাশ কৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপি ডি চি এল)ৰ ইঞ্জিনীয়াৰ কনছালটেন্ট অভিজিৎ শৰ্মা বৰুৱাই। সংবাদ মাধ্যমক আজি বৰুৱাই কয় যে উক্ত পদসমূহত নিযুক্তিৰ বাবে অহা মাহত, অর্থাৎ ডিচেম্বৰত বিজ্ঞাপন প্রকাশ পোৱাৰ সম্ভাৱনা আছে।
তেওঁ কয় যে সহকাৰী প্রবন্ধক (ইলেক্ট্রিকেল)ৰ ৭৯ টা পদত নিযুক্তি প্ৰদানৰ সমান্তৰালকৈ সহকাৰী প্রবন্ধক (মানৱ সম্পদ)ৰ ৫ টা, সহকাৰী প্ৰবন্ধক (চিভিল)ৰ ৫ টা, কনিষ্ঠ প্ৰবন্ধক (ইলেক্ট্রিকেল)ৰ ২১৫ টা আৰু কনিষ্ঠ প্ৰবন্ধক (আই টি)ৰ ১৬ টা পদত নিযুক্তি সম্পন্ন কৰা হ’ব। উক্ত পদসমূহৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব অসম লোকসেৱা আয়োগে (এ পি এছ চি)।
আনহাতে তৃতীয় বৰ্গৰ সহকাৰী গাণনিক বিষয়াৰ ৩৫ টা, অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ২০০ টা, চতুৰ্থ বৰ্গৰ সহায়কৰ ১,৬৫০ টা, পিয়নৰ ৬৫ টা আৰু চকীদাৰৰ ৫০ টা পদত নিযুক্তি সম্পন্ন কৰা হ’ব। এই পদসমূহৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্যিক নিয়োগ আয়োগে। এ পি ডি চি এলৰ বিষয়াগৰাকীয়ে জনোৱামতে অহা মাহত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ সম্ভাৱনা আছে।