নিউজ ডেস্ক: শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শৃংখল চলিহাৰ গ্ৰেপ্তাৰক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁ কৈছে যে জিলা দণ্ডাদীশৰ দ্বাৰা শৃংখল চলিহাক গ্ৰেপ্তাৰৰ বাবে যি আদেশ দিয়া হ’ল, তেনে ঘটনা শিৱসাগৰত শৃংখল চলিহাই সংঘটিত কৰা নাই । সৰু আৰু সামান্য ঘটনাৰ আলম লৈ কেতবোৰ মিছা অভিযোগ আনি জোৰ জবৰদস্তি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অনা হৈছে ৷ লগতে তেওঁ গৰিহনা দি কয় যে এইটো এটা দেশৰ ভিতৰত অন্যতম বেয়া কাম কৰিছে আৰু অতি শীঘ্ৰে তেওঁ চলিহাক মুকলি কৰি দিবলৈ দাবী জনায় লগতে শৃংখল চলিহাক মুকলি কৰি দিয়াৰ দাবীত অসমবাসী ৰাইজক আন্দোলনত অংশগ্ৰহন কৰিবলৈ আহবান জনায়।”

লগতে তেওঁ কয়, ‘‘চৰকাৰৰ নিৰ্দেশত চলিত সময়ত কোনো ঘটনাৰ প্ৰমাণ দিব নোৱাৰি তেওঁলোকে কা’ আন্দোলনৰ গইনা লৈ মোকো বন্দী কৰিছিল ৷ শৃংখল চলিহাও একে ৰোষতে পৰিছে ৷’’

আজি কিছুদিন পূৰ্বে অংকুৰ কেডিয়াৰ নামৰ শিৱসাগৰৰ এজন অনা-অসমীয়া ব্যৱসায়ীৰ মুখত থুওৱা বুলি অভিযোগ উত্থাপনৰ পাছতে মঙ্গলবাৰে শিৱসাগৰৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।

তাৰ পাছতে চলিহাই জামিন লাভ কৰিছিল যদিও বুধবাৰে শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা হয় বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক। শৃংখল চলিহাৰ গ্ৰেপ্তাৰক লৈ বিভিন্ন মহলত বৰ্তমান প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply