সঠিক সময়ত সঠিক অস্ত্ৰ ৷ এই নীতিৰেই জাৰ্মানীৰ ডুবন্ত বিশ্বকাপৰ নাও ৰক্ষা কৰিলে প্ৰশিক্ষক হান্সি ফ্লিকে । স্পেইনৰ বিৰুদ্ধে পৰাজয় মানেই ক্ৰমাগত দ্বিতীয়বাৰলৈ জাৰ্মানীয়ে বিশ্বকাপৰপৰা প্ৰথম ৰাউণ্ডতে বিদায় লোৱাটো নিশ্চিত আছিল । স্পেইনৰ পাছৰ উপৰি সঠিক পাছ খেলি প্ৰতিপক্ষৰ মনোবল ভাঙি দিয়া ছাৰ্জিঅ’ বুছকেট্ছ, গেবি আৰু পেড্ৰিৰ মিডফিল্ড নিয়ন্ত্ৰণৰ বাবে ফ্লিকে সজাইছিল ৪-২-৩-১ ফৰ্মেচন ৷

বেয়াৰ্ণ মিউনিখৰ দুই তাৰকা লিঅ’ন গৰেট্জকা আৰু জশ্বুৱা কিমিচক পাইভট হিচাপে ৰখা হৈছিল যাতে মধ্যভাগত ইকাৰ গুণ্ডোগান আৰু দুয়ো দিশত মুছিয়ালা আৰু নাব্ৰীয়ে বল আগুৱাই নিব পাৰে ৷ লগতে ৰক্ষণতো সহায় হয়। অৱধাৰিতভাৱে স্পেইনৰ পাছিং গেমৰ মাজত জাৰ্মানীয়ে ছেট পীচ আৰু প্ৰত্যাক্ৰমণতে নিৰ্ভৰ কৰিব লগা হৈছিল ৷ প্ৰথমাৰ্ধ গ’লশূন্য হোৱাৰ পাছত ৬১ মিনিটত লেফ্ট জৰ্ডি আলবাৰ ক্ৰছত আলভাৰো মোৰাটাই গ’ল দিয়াৰ পাছতে ফ্লিকে নিজৰ মাষ্টাৰক্লাছ এৰে ৷

৭০ মিনিটত ফ্লিকে নমায় ৱাৰ্ডাৰ ব্ৰেমেনৰ ২৯ বছৰীয়া ফৰৱাৰ্ড নিকলাছ ফুলক্ৰাগক ৷ ইয়েই সলনি কৰে খেলখনৰ চৰিত্ৰ ৷ জাৰ্মানী দলে সদায়ে আক্ৰমণৰ বাবে ফল্ছ নাইনৰ বিকল্পলৈ চায় ৷ ফ্লিকে সেয়া সলনি কৰি দিলে আৰু আনিলে প্ৰকৃত নম্বৰ নাইন ফুলক্ৰাগক। মন কৰিব লগা যে এতিয়ালৈ ফুলক্ৰাগে মাত্ৰ জাৰ্মানীৰ হৈ মাত্ৰ তিনিখন মেচ খেলিছে ৷ কিন্তু ফ্লিকে তেওঁৰ মাজত দেখা পাইছিল ৩৩ বছৰীয়া থমাছ মুলাৰে স্পেইনৰ বক্সৰ ভিতৰত দিব নোৱৰা আক্ৰমণৰ চোক ৷

ফুলক্ৰাগে নামিয়েই স্পেইনৰ ৰক্ষণত কঁপনি তুলিবলৈ আৰম্ভ কৰে ৷ জাৰ্মানীয়ে জাৰ্মানীৰ দৰে খেলিবলৈ আৰম্ভ কৰে ৷ সুৰুঙা ওলাবলৈ ধৰে ৰড্ৰি আৰু লাপোৰ্টেৰ ৰক্ষণত ৷ মিডফিল্ডত যুৱ প্ৰতিভা জামাল মুছিয়ালা আৰু লীৰয় ছানেই পেড্ৰি আৰু বুছকেট্ছক ব্যতিব্যস্ত কৰিবলৈ ধৰে ৷ আৰু ৮৩ মিনিটত মিনিটত ছানেৰ এটা থ্ৰুবল মুছিয়ালাৰ ভৰিৰপৰা বক্সৰ ভিতৰত ফুলক্ৰাগে আয়ত্ত কৰি এটা সুন্দৰ ফিনিশ্বেৰে সমতা স্থাপন কৰে ৷ লগতে জাৰ্মানীক দিয়ে বিশ্বকাপত নিজৰ অভিযান অব্যাহত ৰখাৰ আন এক সুযোগ ৷

পূৰ্বানুমান: স্পেইনৰ ড্ৰ আৰু জাপানৰ পৰাজয়ৰ পাছত জাৰ্মানীৰ বাবে নক্আউটত প্ৰৱেশৰ সম্ভাৱনা মুকলি হ’ল ৷ কিন্তু সেয়া এতিয়াও জাৰ্মানীৰ হাতত নাই ৷ কোষ্টাৰিকাৰ বিৰুদ্ধে জয় আৰু স্পেইনে জাপানক হৰুৱালে জাৰ্মানী গ্ৰুপ ইৰপৰা দ্বিতীয় স্থান লৈ নক্আউটলৈ যাব ৷ কিন্তু জাপানে স্পেইনক হৰুৱাই চমক দিলে জাৰ্মানীয়ে কোষ্টাৰিকাৰ বিৰুদ্ধে জিকিলেই নহ’ব, স্পেইনৰ লগত গ’লৰ ব্যৱধানো উন্নত কৰিব লাগিব ৷ যদি জাপানে স্পেইনৰ বিৰুদ্ধে ড্ৰ কৰে তেন্তে জাৰ্মানীয়ে কোষ্টাৰিকাক হৰুৱাব লাগিব আৰু জাপানতকৈ গ’লৰ ব্যৱধান উন্নত হ’ব লাগিব ৷