অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভৰষাতে পুনৰ উত্তৰ-পূৱ জয়ৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত গঠন হ’ব বিজেপিৰ চৰকাৰ। ইতিমধ্যে উত্তৰ-পূৱৰ অতিকৈ গুৰুত্বপূৰ্ণ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।
এটা পৰ্যায়তে সম্পন্ন কৰিবলগীয়া এই নিৰ্বাচন অহা ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত আৰু ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড আৰু মেঘালয়ত সম্পন্ন হ’ব। ২ মাৰ্চত ঘোষণা হ’ব ফলাফল। পিছে তিনিওখন ৰাজ্যতে চৰকাৰ গঠন কৰাৰ টাৰ্গেট গ্ৰহণ কৰিছে বিজেপিয়ে। কিয়নো তিনিওখন ৰাজ্যৰ আটাইকেইটা লোকসভাৰ আসন অতিকৈ গুৰুত্বপূৰ্ণ বিজেপিৰ বাবে। সেয়ে বিজেপি নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ ওপৰত ভৰষা নকৰি মোডী এণ্ড কোম্পানীৰ ভৰষা হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজনৈতিক চাণক্য আখ্যা পোৱা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তিনিওখন ৰাজ্য হস্তগত কৰাৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা কৌশল।
ত্ৰিপুৰাৰ নিৰ্বাচনত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্সে বিশেষ ভূমিকা পালন কৰিব বুলি ভবা হৈছিল যদিও অৱশেষত বিজেপিয়ে অকলে নিৰ্বাচনত আগবঢ়া পৰিলক্ষিত হৈছে৷ ইয়াৰ নেতৃত্বও লৈছে হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, উত্তৰ-পূৱৰ ৫ ৰাজ্য কেইবাটাও আঞ্চলিক দলক লৈ বিজেপিৰ নেতৃত্বত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ গঠন কৰা হৈছিল৷ এই পাঁচখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত বিজেপিৰ চৰকাৰে আছে৷ জানিব পৰা মতে, ত্ৰিপুৰাই বিধান সভা নিৰ্বাচনত বিজেপি দলে ফলাফল ভাল কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ জনগোষ্ঠীয় দল ইণ্ডিজিনিয়াচ পিপুলচ ফ্ৰণ্ট অফ ত্ৰিপুৰা চমুকৈ আইপিএফটিৰ সৈতে মিত্ৰতা কৰিছে৷ ইণ্ডিজিনিয়াচ পিপলচ ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ পৰা বিভাজন হৈ গঠন কৰা আইপিএফটি-তিপহাৰা দলৰ মুখ্য নেতাসকলে ইতিমধ্যে ১ ফেব্ৰুৱাৰীত বিজেপি দলত চামিল হৈছে৷
আনহাতে, পূৰ্বৰ নাগালেণ্ডৰ দাবীত নিৰ্বাচন বৰ্চজনৰ কাৰ্যসূচী গ্ৰহণ কৰা Eastern Naga Peoples Organization, চমুকৈ ENPO কো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপেৰে ক্ষান্ত কৰোৱাত আগভাগ ল’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে সুকীয়া Eastern Nagaland গঠন নোহোৱা পৰ্যন্ত নিৰ্বাচনত সহযোগিতা নকৰাৰ সিদ্ধান্ত লৈছিল ENPOয়ে৷ ইফালে বৰ্তমানৰ শাসকীয় Nationalist Democratic Progressive Party চমুকৈ NDPP ৰ সহযোগত নাগালেণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণাও কৰিছে। ইতিমধ্যে নাগালেণ্ডৰ বাবে NDPP য়ে ৪০টা সমষ্টি আৰু BJP য়ে ২০টা সমষ্টিৰ বাবে নিজ নিজ দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণাও কৰিছে। NDPP আৰু BJP য়ে যৌথভাৱে নিৰ্বাচনী থীম ছঙো মুকলি কৰিছে।
নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী টেমজেন ইমনা আলঙে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সঘন যোগাযোগত থকাৰ লগতে দুই মন্ত্ৰীয়ে বিজেপিৰ দুদিনীয়া গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দলীয় কৌশল নিশ্চিত কৰিছে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই যোৱা ১২ জানুৱাৰীত গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীৰ সৈতে বৈঠকত মিলিত হোৱাৰো খবৰ আহিছে।
অৱশ্যে মেঘালয় বিধানসভা নিৰ্বাচনত সংক্ৰান্তত কৌশলী স্থিতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে মেঘালয়ত এক শক্তিশালী ভুমিকা পালন কৰিব বুলি মন্তব্য কৰিছে নেডাৰ আহ্বায়কগৰাকীয়ে। প্ৰাপ্ত বাতৰি অনুসৰি ব্যক্তিগত মিত্ৰ কনৰাড চাংমাৰ উপৰি কেবাগৰাকী শীৰ্ষ নেতাৰ সৈতে সঘন বাৰ্তালাপ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। শেষ নিশাৰ খেলত ওস্তাদ উত্তৰ-পূৱৰ ৰাজনৈতিক চানক্যই মেঘালয়ত ৰাজনৈতিক কূটকৌশল ২ মাৰ্চৰ পূৰ্বেই প্ৰয়োগ কৰে নে ফলাফলৰ পিছত প্ৰয়োগ কৰি বিজেপিৰ টাৰ্গেট সম্পূৰ্ণ কৰে সেয়া হ’ব লক্ষণীয় বিষয়।