অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

এজন ছাত্ৰৰ বাবে বহুত মৰম, আন্তৰিকতা থাকে এজন হোষ্টেল ৱাৰ্ডেনৰ। সকলোৱে হোষ্টেলক দ্বিতীয়খন ঘৰ বুলিও কয় লগতে অভিভাৱকৰ দৰে হৈ পৰে হোষ্টেলৰ ৱাৰ্ডেনজন।

প্ৰাপ্ত বাতৰি অনুসৰি,  হোষ্টেলৰ ভিতৰত এজন ছাত্ৰই আত্মহত্যা কৰাৰ কথা গম পাই শোকস্তব্ধ হৈ মৃত্যুক সাৱটিলে হোষ্টেল ৱাৰ্ডেনেও।

তিৰুপতিৰ গুডৰুৰ এখন ব্যক্তিগত আভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত ২০ বৰ্ষীয় শ্ৰী দহাৰনেশ্বৰ ৰেড্ডী নামৰ ছাত্ৰজনে শনিবাৰে মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা কৰে। ছাত্ৰজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে হোষ্টেলৰ ৱাৰ্ডেন শ্ৰীনিৱাসছলু নাইডু,  মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু ছাত্ৰজনৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে অচেতন হৈ পৰা হোষ্টেলৰ ৱাৰ্ডেন শ্ৰীনিৱাসছলু নাইডু(৫৪) অসুস্থ হৈ পৰে। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যেই চিকিৎসকে জনাই যে হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, আত্মহত্যা কৰি মৃত্যু হোৱা ছাত্ৰজন ৱাইএছআৰ কদাপা জিলাৰ নিৱাসী আছিল। ছাত্ৰজনে আভিযান্ত্ৰিক মহাবিদ্যালয়খনত চিএছই দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল।

আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে ছাত্ৰজনৰ আত্মহত্যাৰ সৈতে জড়িত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply