নিউজ ডেস্কঃ বুধবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্য সচিব আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনাই যে অহা ১০ মে’ৰ ভিতৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। আৰক্ষী আৰু বন বিভাগৰ ৫ হাজাৰ নিযুক্তিৰ পিছতেই সম্পূৰ্ণ হ’ব ১ লাখ নিযুক্তি প্ৰক্ৰিয়া।
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ্য কৰে যে সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা আৰক্ষী জোৱানৰ প্ৰায় ৩০০ পৰিয়ালৰ সদস্যক চলিত মাহৰ ২৫ তাৰিখে নিযুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ৰাইজৰ সুবিধাৰ্থে এইবাৰ অসমৰ আৰক্ষীয়ে প্ৰায় ২০ টা সেৱাৰ বাবে এপ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই এপ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে এজাহাৰ দিয়া, অনুষ্ঠানৰ অনুমতি বিচাৰি ডিচি, এডিচিৰ ওচৰলৈ যোৱা বা ৰাজ্যৰ বাহিৰত চাকৰিৰ বাবে প্ৰয়োজন হোৱা পুলিচ ভেৰিশিকেশ্যনৰ বাবে আৰক্ষী বা শীৰ্ষ বিষয়াৰ ওচৰত নগৈ অনলাইন প্ৰ্ৰক্ৰিয়াৰে আৱেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জনায়।