নিউজ ডেস্ক- ৰাজ্যত ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয় অহা ২০ৰ পৰা ২২ জুনৰ ভিতৰত উদ্বোধন কৰা হ’ব। কালি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰিবলগীয়া ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয়ত নিযুক্তিপ্রাপ্ত ১৩০গৰাকী অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমইি এই কথা প্রকাশ কৰে।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশেৰে আগুৱাই নিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। সেই উদ্দেশ্যে চাহ বাগিচা এলেকাত বিগত বৰ্ষৰ পৰা ৯৭খন চাহ বাগিচা আদর্শ বিদ্যালয়ত পাঠদান আৰম্ভ কৰা হৈছে।

চলিত বৰ্ষত ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয় শুভাৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই বিদ্যালয়সমূহত ইতিমধ্যে প্রায় ২৬০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে।

আনহাতে,  লোকনির্মাণ বিভাগে আৰু ১০০খন আদর্শ বিদ্যালয় নিৰ্মাণৰ কাম হাতত ল’ব বুলি তেওঁ উল্লেখ কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে চাহ জনগোষ্ঠীৰ নৱপ্ৰজন্ম আগুৱাই যাব পাৰে তাৰ বাবেও ৰাজ্য চৰকাৰে ২৫খন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আদর্শ বিদ্যালয়সমূহক অতি শীঘ্ৰে ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিব বুলিও তেওঁ কয়।

উক্ত অনুস্থানতে বিদ্যালয়সমূহৰ পৰিচালনাৰ আনুষংগিক খা-খৰচৰ বাবে আদৰ্শ বিদ্যালয়সমূহলৈ অনিৰ্ধাৰিত পুঁজিৰ পৰা মুখ্যমন্ত্ৰীয়ে ১ লাখ টকাকৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply