দল বিৰোধী কাৰ্যকালাপ সংঘটিত কৰাৰ অভিযোগত একাংশ কংগ্ৰেছী নেতাক নিলম্বন কংগ্ৰেছ দলৰ পৰা।
কিছুদিন পূৰ্বে হৈ যোৱা গুজৰাট বিধানসভা নিৰ্বাচনত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ৩৮ জন কৰ্মকৰ্তাক ৬ বছৰৰ বাবে নিলম্বন কৰা হয় দলৰ পৰা।
গুজৰাট নিৰ্বাচনত কংগ্ৰেছে ১৮২ খন আসনৰ মাত্ৰ ১৭ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল। গুজৰাট কংগ্ৰেছৰ অনুশাসন সমিতিয়ে চলিত মাহত দুবাৰ আৰু এতিয়ালৈকে ৯৫ জন ব্যক্তিৰ বিৰুদ্ধে ৭১ টা অভিযোগ লাভ কৰিছে। তাৰ পাছতেই ৩৮ জন কৰ্মকৰ্তাক শুকুৰবাৰে নিলম্বন কৰে।
কংগ্ৰেছ নেতা বলুভাই পেটেলে কয় যে ৩৮ জনৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে আন ৮ জন সদস্যক সতৰ্কবাণী প্ৰদান কৰা হৈছে।