গুৱাহাটী : এজন মোবাইল ফোন চোৰ আৰু এজন চুৰিৰ মোবাইল ফোন ক্ৰয় কৰা যুৱক আৰক্ষীৰ জালত। ৰচিদুল আলী মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰ বড়োক। এতিয়া দুয়ো যুৱক ফটাশিল আৰক্ষী থানাৰ ৰঙা ঘৰত।
মহানগৰী গুৱাহাটীত প্ৰায়ে সংঘটিত হয় মোবাইল ফোন আৰু চেইন কাঢ়ি নিয়াৰ ঘটনা। মোবাইল ফোন আৰু চেইন কাঢ়ি গুৱাহাটীত সন্ত্ৰাস চলাই থকা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ফটাশিল আৰক্ষীয়ে। ধৃত যুৱকজন ৰচিদুল আলী।
এক গোপন খবৰৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে অভিযান চলাই ধীৰেনপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰচিদুল আলীক। আৰক্ষীৰ জেৰাত ৰচিদুল আলীয়ে চুৰিৰ মোবাইল ফোন ৰবিন্দ্ৰ বড়ো নামৰ এজন যুৱকক বিক্ৰী কৰা বুলি স্বীকাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ৰবিন্দ্ৰ বড়োক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – জীয়া ভৰলী নদীৰ দলঙত বৃহৎ বৃহৎ গাঁত: যিকোনো সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা
ৰবিন্দ্ৰ বড়োই ধীৰেনপাৰাৰ ডিজিটেল ষ্টুডিঅ’ নামৰ নিজৰ দোকানখনত জমা কৰি ৰাখিছিল চুৰিৰ বহু মোবাইল ফোন। আৰক্ষীয়ে ৰবিন্দ্ৰ বড়োৰ দোকানখনৰ পৰা লুকাই থোৱা অৱস্থাত ২০ টা চুৰিৰ মোবাইল ফোন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত আছে।