নগাঁও : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। ইতিমধ্যে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী। এইবাৰ আৰক্ষীৰ অভিযানত ৰে’লৰ ডবাৰ পৰা জব্দ হৈছে ১ কুইণ্টল ১২ কেজি গাঞ্জা।
সোমবাৰে পুৱতি নিশা অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ সাফল্য লাভ কৰে। নগাঁও জিলাৰ চাপৰমুখ ৰে’ল জংচনত আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। নগাঁও আৰু ৰহা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছৰ ডবাৰ পৰা ১ কুইণ্টল ১২ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক – বিধ্বস্ত পথৰ বাবেই নুমলীগড়ত শোকাৱহ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন
জব্দকৃত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। উল্লেখ্য যে হোজাই আৰক্ষীয়ে কিছুদিন কিছুদিন পুর্বে ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ চাৰিজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছিল। উক্ত গাঞ্জা সৰবৰাহকাৰী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাই সাফল্য লাভ কৰে।