নিউজ ডেস্ক: ২০২৩ চনৰ মে’ মাহত সংগ্ৰহ কৰা হৈছে মুঠ ১,৫৭,০৯০ কোটি টকা জিএছটি ৰাজহ। যাৰ ভিতৰত চিজিএছটি হৈছে ২৮,৪১১ কোটি,  এছজিএছটি ৩৫,৮২৮ কোটি,  আইজিএছটি ৮১,৩৬৩ কোটি।

চৰকাৰে চিজিএছটিত ৩৫,৩৬৯ কোটি আৰু আইজিএছটিৰ পৰা ২৯,৭৬৯ কোটি টকা এছজিএছটিত নিষ্পত্তি কৰিছে। নিয়মীয়া নিষ্পত্তিৰ পিছত ২০২৩ চনৰ মে’ মাহত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মুঠ ৰাজহ হৈছে চিজিএছটিৰ বাবে ৬৩,৭৮০ কোটি আৰু এছজিএছটিৰ বাবে ৬৫,৫৯৭ কোটি টকা।

উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহৰ ৰাজহ যোৱা বছৰৰ মে’ মাহৰ জি এছ টিৰ ৰাজহতকৈ ১২ শতাংশ বেছি। মে’ মাহত সামগ্ৰী আমদানিৰ পৰা ৰাজহ ১২% বেছি আৰু ঘৰুৱা লেনদেনৰ পৰা ৰাজহ যোৱা বছৰৰ মে’ মাহত এই উৎসসমূহৰ পৰা লাভ কৰা ৰাজহতকৈ ১১% বেছি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply