গুৱাহাটী: ৰে’লৱে আৰক্ষীয়ে আজি এক অভিযান চলাই গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ নগদ টকাসহ এজন লোকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে, এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰে’লৱে আৰক্ষীৰ এটা দলে স্নিফাৰ ডগৰ সহায়ত এজন লোকৰ পৰা ২২ লাখ নগদ টকা জব্দ কৰে। ধৃত লোকজনক সঞ্জেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে।

ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে লোকজনৰ ঘৰ বিহাৰত আৰু তেওঁ ১২৪২৩ নম্বৰৰ দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি আছিল। বিহাৰৰ বাৰাউনি উদ্দেশ্যে গৈ থকা লোকজনে ডিমাপুৰত ট্ৰেইনত উঠিছিল।

লোকজনৰ পৰা জব্দ কৰা টকাখিনি ৰে’লৱে আৰক্ষীয়ে ক’লা টকা বুলি সন্দেহ কৰিছে আৰু সম্প্ৰতি তেওঁক নিজৰ জিম্মাত লৈ জেৰা চলাই আছে বুলি জানিব দিয়ে।

লগতে পঢ়ক – মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply