গুৱাহাটীৰ ডাউন টাউনৰ সমীপৰ সৰুমটৰীয়াৰ পৰা সন্ধানহীন এগৰাকী যুৱতী৷ শুকুৰবাৰৰ পৰা নিখোজ হৈ আছে যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম পাৰবীন চুলতানা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে নিজ ঘৰৰ পৰা দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰা এতিয়ালৈ কোনো সন্ধান পোৱা নাই যুৱতীগৰাকীৰ৷

দিছপুৰ থানাত যুৱতী গৰাকীৰ পৰিয়ালে দাখিল কৰিছে এক এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনোধৰনৰ সন্ধান উলিয়াব সক্ষম হোৱা নাই ৷

প্ৰাপ্ত খৱৰ অনুসৰি, যুৱতী গৰাকীৰ বয়স ২৬ বছৰ। যুৱতীগৰাকীৰ সন্ধানহীন হোৱা ঘটনাক লৈ কোনো কাৰণ বিচাৰি পোৱা নাই পৰিয়াল লোকে৷

ইতিমধ্যে, যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো বন্ধ অৱস্থাত পোৱা গৈছে৷

উল্লেখ্য যে যদি কোনো ব্যক্তিয়ে যুৱতীগৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৭০৮৬২৯৬৩৯৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply