নগাঁও জিলাৰ ৰূপহীহাট অঞ্চলত সংঘটিত হয় বাল্য বিবাহৰ ঘটনা। দক্ষিন খাটোৱাল গাঁৱত এগৰাকী নাবালিকাৰ বিবাহ কাৰ্য্য সম্পন্ন কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি,  ২৮ জানুৱাৰীত তেওঁলোকে খবৰ পোৱাৰ লগে লগে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰায় আৰু তেওঁৰ দলৰ দ্বাৰা অভিযান চলোৱা হৈছিল। অভিযোগ অনুসৰি দৰাসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তথ্য অনুসৰি,  ওবাইডুল ইছলাম আৰু তেওঁৰ সৈতে যোৱা দুজন ব্যক্তি, দক্ষিন খাটোৱাল গাঁৱৰ বাসিন্দা গুলজাৰ হুছেইন আৰু জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰিপাৰ গাঁৱৰ বাসিন্দা ৰুফল আমিনক ইতিমধ্যে আটক কৰা হৈছে। ভুক্তভোগী কন্যাগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰা বুলি ৰূপহীহাট আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই সদৰী কৰে।

ৰূপহীহাট আৰক্ষী থানাত বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ৰ ধাৰা ৯,  ১০ আৰু ১১ আৰু POCSO আইন, ২০১২ৰ ধাৰা ১২ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে আটক কৰা সকলো অভিযুক্তক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply