গুৱাহাটী : বিগত কিছুদিন ধৰি ৰাজ্যত তাণ্ডৱলীলা চলাই আছে ধুমুহা-বৰষুণে। উজনিৰ পৰা নামনিলৈকে ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে। বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি মানুহৰ ঘৰৰ ওপৰত পৰিছে। ফলত কেইবাগৰাকী লোক আহত-নিহত হৈছে।

চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমানলৈকে ধুমুহা-বৰষুণৰ ফলত ৮ গৰাকী লোক নিহত হৈছে। শুকুৰবাৰে ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত নিহত হৈছে ৫ গৰাকী লোক। ইয়াৰে ৪ গৰাকী নিহত হৈছে ডিব্ৰুগড় জিলাৰ টিংখাংত। আনহাতে ১ গৰাকী লোক নিহত হৈছে গোৱালপাৰা জিলাৰ মটীয়াত।

লগতে পঢ়ক – ৰঙিয়াত ভয়াবহ পথ দুর্ঘটনাত নিহত এজন লোক

ইয়াৰ পূৰ্বে ধুমুহা-বৰষুণৰ ফলত বৰপেটা জিলাত নিহত হৈছিল ৩ গৰাকী মহিলা। চৰকাৰী তথ্য মতে ৰাজ্যৰ ৫৯২ খন গাঁও ধুমুহা-বৰষুণৰ দ্বাৰা প্ৰভাৱিত হৈছে। ৮৫৩ খন ঘৰ ধুমুহা-বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধস্ত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যৰ ১৮ এপ্ৰিল পৰ্যন্ত ধুমুহা-বৰষুণৰ প্ৰভাৱ থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply