জোনাই : মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুৱাইছে বৰবিহ। জোনাইৰ এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত খুৱাইছে বৰবিহ।পোকে ধৰা গেলা চাউল ব্যৱহাৰ কৰিছে মধ্যাহ্ন ভোজনৰ খাদ্যত।

শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাইৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত বৰবিহ খাবলৈ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল মধ্যাহ্ন ভোজনৰ নামত দীৰ্ঘদিন ধৰি বৰবিহ খাই থকাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সংঘটিত হৈছে জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত ডেকাপাম কুহিঁয়াৰবাৰী প্ৰাথমিক বিদ্যালয়ত। জানিব পৰামতে প্ৰায় ছমাহ পূৰ্বৰে পৰা বিদ্যালয়খনৰ শ্ৰেণী কোঠাত পৰি আছে চৰকাৰে যোগান ধৰা চাউল। ফলত দীৰ্ঘদিন ধৰি পৰি থকা বস্তাৰ চাউলবোৰত উলাইছে ডাঙৰ ডাঙৰ বিষাক্ত পোক। কিন্ত এই বিষাক্ত পোক থকা গেলা চাউলকে কণ কণ ছাত্ৰ-ছাত্ৰীক সুষম আহাৰৰ নামত খুৱাই আহিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে।

লগতে পঢ়ক –  ৰাজ্যত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিড আক্ৰান্ত ১০৭ জন লোক

ইয়াৰ উপৰিও চাউলৰ বস্তাবোৰ ৰান্ধনী ঘৰ বা আন স্বাস্থ্যকৰ পৰিৱেশত ৰখাৰ বিপৰীতে পাঠদান কৰা শ্ৰেণী কোঠাতে দীৰ্ঘদিনৰ পৰা ৰাখি থোৱা হৈছে। য’ত কণ কণ ছাত্ৰ-ছাত্ৰী সকলক এই গেলা চাউলৰ বিষাক্ত দুৰ্গন্ধময় পৰিৱেশৰ মাজতে পাঠদান কৰি আহিছে শিক্ষক সকলে। এনেবোৰ ঘটনা সংঘটিত কৰা প্ৰধান‌ শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে এইয়া সময়ত হ’ব লক্ষ্যনীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply