যোৱা বুধবাৰৰ পৰা গুৰুতৰভাবে অসুস্থ হৈ পৰিছে জ্ঞানপীঠ নীলমণি ফুকন। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা কবিগৰাকী যোৱা মঙলবাৰে হঠাতে অসুস্থ হৈ পৰে। তেখেতৰ পুত্ৰৰ পৰা জানিব পৰা মতে বুকত কফ জমা হৈ অৱস্থা অধিক জটিল হৈ পৰে।

সংকটজনক অৱস্থাত যোৱা বুধবাৰে বিয়লি মালিগাঁওৰ সঞ্জীৱনী হাস্পাতালত ভৰ্তি কৰোৱা হয় কবি নীলমণি ফুকনক। সঞ্জীৱনী হাস্পতালত অসম চৰকাৰে পঠিওৱা চিকিৎসকৰ এটি দলে কবিগৰাকীক চিকিৎসা প্ৰদান কৰে।

অৱশেষত বুধবাৰে নিশা ১১ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কবিগৰাকীৰ পুত্ৰৰ তত্বাবধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ আই চি ইউলৈ প্ৰেৰণ কৰা হয় কবি নীলমণি ফুকনক। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত আছে কাব্যঋষিগৰাকী।

চিকিৎসকৰ পৰা জানিব পৰা মতে বৰ্তমানেও সংকটজনক কবিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply