৫০ বছৰৰ পাছত নিৰ্মাণ কৰা হৈছে ড০ বেজবৰুৱাৰ ছিকুৱেল “ড০ বেজবৰুৱা ২”। এ. এম. টেলিভছনৰ বেনাৰত নিৰ্মাণ হোৱা ড০ বেজবৰুৱা ২  প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণ আৰু সহ-প্ৰযোজনা কৰিছে অক্ষতা নাৰায়ণে। এই ছবিখনে ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব। ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে সামাজিক মাধ্যমত মুকলি কৰা হৈছে।

এই ছবিখন অসমীয়া ছবিজগতৰ নক্ষত্ৰ নিপন গোস্বামীদেৱে পৰিচালনা কৰাৰ লগতে অভিনয়ও কৰিছে। কাহিনী,  চিত্ৰনাট্য আৰু সংলাপ ৰাজদ্বীপৰ, সংগীত প্ৰযোজনা জুবিন গাৰ্গৰ আৰু চিত্ৰগ্ৰহণ হৃদয় গগৈৰ।

ড০ বেজবৰুৱা ২ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যশস্বী অভিনেতা আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ গোস্বামী, কিংকিনী গোস্বামী, ভাস্কৰ তামুলী আৰু লগতে বহুতো অভিনেতা-অভিনেত্ৰীয়ে।

১৯৬৯ চনতে মুক্তি পোৱা ড০ বেজবৰুৱা ছবিখন ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালনা কৰা হৈছিল। ছবি খনত অভিনয় কৰিছিল নিপন গোস্বামী, প্ৰতিভা ঠাকুৰ, ৰেণু বৰুৱা আৰু বিভিন্ন কলা-কুশলীৰ লগতে ব্ৰজেন বৰুৱাইও ছবিখনত অভিনয় কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply