পুৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

জানিব পৰা মতে,  সাতগাঁও আৰক্ষীৰ এটা দলে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক লগত লৈ তদন্তৰ বাবে অভিযান চলাইছিল। সেই সময়তে পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত অভিযান চলাই থকা অৱস্হাত চেগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন পৰে শ্বাহ আলম তালুকদাৰে।

তথ্য অনুসৰি,  হাতত হেণ্ডকাফ লৈ পলায়ন কৰে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ। আনফালে সাতগাঁও আৰক্ষীয়ে নিশাৰে পৰা শ্বাহ আলমৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈক কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলায়ন কৰা ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply