গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ১০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ যে দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। দেওবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৩২ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত দেওবাৰে ৪৩১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১০ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই দেওবাৰে।

দিনটোত সৰ্বাধিক ৫ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ২ জন লোক ধেমাজি ডিব্ৰুগড় জিলাত, ২ জন লোক কৰিমগঞ্জ জিলাত আৰু ১ জন লোক আক্রান্ত হৈছে কাছাৰ জিলাত। দেওবাৰৰ দিনটোত ১০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৩,০২৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক – কামৰূপ জিলাত চতুর্থ বর্গৰ লিখিত পৰীক্ষা শান্তিপূর্ণভাৱে অনুষ্ঠিত

ইফালে দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ২২ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে দেওবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,475 other subscribers

Leave a comment

Leave a Reply Cancel reply