বৰপেটা : বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। জুৱা খেলক কেন্দ্ৰ কৰি বৰপেটাত মহাভাৰত। কোৱা খেলত বাধা দিয়াৰ বাবে এটা ফৈদৰ ওপৰত আক্ৰমণ আন এটা ফৈদৰ। আহত ১০ জনকৈ লোক। ২ জনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ।

বৰপেটা জিলাৰ ভেল্লাত জুৱা খেলত বাধা দিয়াক কেন্দ্ৰ কৰি এটা ফৈদৰ ওপৰত আন এটা ফৈদে আক্ৰমণ চলোৱাত ১০ জনকৈ লোক গুৰুত্বৰভাৱে আহত হৈছে। ভেল্লাৰ নিকটৱৰ্তী কালজাহীত জুৱা খেলত বাধা দিয়াৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিগত কিছু বছৰ ধৰি অঞ্চলটোত সন্দেহজনক লোকৰ বসতি বৃদ্ধি পাইছে।

এই সন্দেহজনক লোক সকল বিভিন্ন ধৰণৰ অসমাজিক কৰ্মত জড়িত বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে। বুধবাৰে ইয়াৰে কিছুমান লোক জুৱা খেলত ব্যস্ত হৈ থকাত স্থানীয় লোকে বাধা প্ৰদান কৰে। ইয়াৰ পিছতে এই লোক সকল লাটি আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ লৈ বাধা প্ৰদান কৰা লোকৰ ওপৰত জঁপিয়াই পৰে।

লগতে পঢ়ক – ৰঙিয়া মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

এই আক্ৰমণৰ ঘটনাত মহিলাসহ ১০ জনকৈ লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত সকলৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনক হোৱাত লোক ২ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply