নিউজ ডেস্ক: অৰুণাচলত উদ্ধাৰ অসমৰ ১০ অপহৃত শিশু। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এক শিশু সৰবৰাহ চক্ৰ উৎখাত কৰি মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা সৰবৰাহ কৰা ১০ জন শিশুক।

ডুমডুমা আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিশু সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী ব্যক্তিক সোধপোচৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।


উল্লেখ্য যে, বিগত বৰ্ষৰ জুলাই মাহত অসম আৰক্ষীয়ে পশ্চিমবংগত আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ ৰেকেটৰ পৰা চাৰিগৰাকী মহিলাকে ধৰি প্ৰায় ৪৮ জন শিশুক উদ্ধাৰ কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি অসমৰ পৰা পশ্চিমবংগলৈ সৰবৰাহ কৰা শিশুকেইটাক শিশু শ্ৰমিক ৰূপে কাম কৰিবলৈ বাধ্য কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply