মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত অসম কেবিনেট বৈঠকত ঘোষণা কৰা হয় যে ১০গৰাকী ক্ৰীড়াবিদক চাকৰি দিব ৰাজ্য চৰকাৰে।
যুৱ সমাজক ক্ৰীড়াৰ অংশগ্ৰহণত উৎসাহিত কৰিবলৈ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব নিযুক্তি।
উল্লেখ্য যে, তেওঁলোকৰ কৃতিত্বক স্বীকৃতি দিবলৈ গুজৰাটত অনুষ্ঠিত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া ২০২২ৰ ১০গৰাকী পদক প্রাপকক ২০১৭-২০১৮ বৰ্ষীয় অসমৰ সংহত ক্রীড়া নীতি অনুসৰি ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত তৃতীয় বৰ্গৰ পদত নিযুক্তি প্ৰদান কৰা হব।
আনহাতে, এই ১০গৰাকী খেলুৱৈ ক্ৰমে- অনন্যা শইকীয়া, অদিনীতা কাকতি, অংকুশিতা বড়ো, চয়নীকা গগৈ, সোনমা ব্ৰহ্ম, ৰংগিলা দৈমাৰী, বিক্ৰম চাংমাই, দিপাঙ্কৰ শৰ্মা, বংগীতা হাজৰীকা, আনন্দ কুমাৰ নাৰ্জাৰী।