নিউজ ডেস্ক: আজি ছত্তিশগড়ৰ দান্তেৱাড়াত সংঘটিত হৈছে পুনৰ মাওবাদী আক্ৰমণ। মাওবাদীয়ে সংঘটিত কৰা আই ই ডি বিস্ফোৰণত ছহিদ হৈছে ১০ জনকৈ সেনা জোৱান আৰু এজন চালক।

জানিব পৰামতে নিহত জোৱানসকলৰ নাম ক্ৰমে- জৌগা চৌদী,মুন্নাৰাম কড়তী,সন্তোষ তামো, দুল্গৌ মন্দাৱী, লখমু মৰকাম, জৌগা কাৱাচী, হৰিৰাম মান্দাৱী, ৰাজুৰাম কৰতম, জয়ৰাম পৌড়িয়াম, জগদীশ কৱাশী, আনহাতে চালকজনৰ নাম ধনীৰাম যাদৱ।

দান্তেৱাড়াৰ আৰণপুৰ আৰক্ষী থানা এলেকাত মাওবাদী কেডাৰৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে নক্সাল বিৰোধী অভিযানৰ বাবে দান্তেৱাড়াৰ পৰা ডি আৰ জি বাহিনী প্ৰেৰণ কৰা হৈছিল।

অভিযানৰ পিছত উভতি অহাৰ সময়তে, মাওবাদীসকলে আৰণপুৰ পথত সংস্থাপন কৰি থোৱা আই ই ডি বিস্ফোৰণ হয়। ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত্বত এই বিস্ফোৰণ সংঘটিত হৈছে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এক টুইটযোগে কয় যে , দন্তেৱাড়া মাওবাদী আক্ৰমণত নিহত হোৱা ডি আৰ জিৰ জোৱানসকল নক্সাল বিৰোধী অভিযানৰ বাবে অঞ্চলটোত আছিল। দন্তৱাড়া মাওবাদীৰ আক্ৰমণত ১০ জন ডি আৰ জি জোৱান আৰু এজন চালকক হত্যা কৰাত শোক প্ৰকাশ কৰে।

তেওঁৰ লগতে গৃহমন্ত্ৰী অমৃত শাহে জোৱানসকলৰ মৃত্যুত টুইটযোগে শোকপ্ৰকাশ কৰি জোৱানসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply