বৰপেটা : হাউলীৰ জয়পুৰ হিলাপাকৰী হেপী ভেলী একাডেমীৰ এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ। হেপী ভেলী একাডেমীৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফত নামনি অসমৰ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ জয়পুৰ হিলাপাকৰীৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হেপীভেলী একাডেমীৰ কলা আৰু বিজ্ঞান শাখাত এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
একাডেমীখনৰ পৰা বিজ্ঞান শাখাত ৬ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৬ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। একাডেমীখনৰ আমিনুল হ’ক নামৰ শিক্ষাৰ্থী গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে কলা শাখাত ৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে ২ গৰাকী প্ৰথম বিভাগত আৰু ৩ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।
লগতে পঢ়ক – কৰিমগঞ্জত জব্দ ৫০লাখ টকাৰ ড্ৰাগছ, আটক দুজন
একাডেমীখনৰ দুয়োটা শাখাতেই এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একাডেমীখনে আগন্তুক দিনত যাতে ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে একাডেমীখনৰ সঞ্চালক দেৱান ফজলুৰ ৰহমান আৰু উপাধ্যক্ষ মবিনুৰ ৰহমানে ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।