সন্মুখত কোভিডৰ আতংক। চৌদিশে আশংকা। এই আশংকাৰ মাজতে গুগলৰ কৰ্মচাৰীসকলে এক নতুন আতংকৰ মাজত সময় পাৰ কৰিছে। জানিব পৰা গৈছে যে গুগলে কমেও ১০ হাজাৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিব।

কিন্তু এয়া পাৰ্ফমেন্স ৰিভিউ চিষ্টেমৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কৰা হ’ব। জানিব পৰা গৈছে যে এই সমীক্ষা প্ৰণালীত ইতিমধ্যে কমেও ৬ শতাংশ কৰ্মচাৰীৰ প্ৰদৰ্শন আশানুৰূপ নহয় বুলি প্ৰমাণিত হৈছে।

টুইটাৰ,  আমাজন,  গুগল,  মেটা প্ৰায় একে শ্ৰেণীৰ কোম্পানী। টুইটাৰ আৰু আমাজনে ইতিমধ্যে চাকৰি কৰ্তনৰ কথা ঘোষণা কৰিছিল। এইবাৰ গুগলেও একে কামকে কৰিবলৈ আগবাঢ়িছে।

চলিত বছৰতে গুগলে ইয়াৰ কৰ্মচাৰীসকলৰ কামৰ খতিয়ান চালিজাৰি চোৱাৰ লক্ষ্যৰে এটা প্ৰদৰ্শন সমীক্ষা প্ৰণালী প্ৰৱৰ্তন কৰিছিল। এতিয়া সেই প্ৰণালীৰ ফলাফল প্ৰকাশ কৰা হ’ব। জনা গৈছে যে কোম্পানীটোৱে যাৰ প্ৰদৰ্শন প্ৰত্যাশিত মানদণ্ডৰ তলত আছে, সেই কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন কৰিবলৈ কুণ্ঠাবোধ নকৰিব।

অৱশ্যে, কৰ্মচাৰীসকলে ইতিমধ্যে এই সমীক্ষা প্ৰণালীৰ ওপৰত তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে। এই পৰ্যালোচনা প্ৰণালীৰ পদ্ধতি আৰু কৌশলৰ ওপৰত তেওঁলোকৰ বহু আপত্তি আছে। তেওঁলোকে নতুন প্ৰণালীত তেওঁলোকক দিয়া কামৰ টাৰ্গেটক লৈ যথেষ্ট ক্ষোভ আছে। তেওঁলোকে ইয়াক ‘প্ৰায়-অসম্ভৱ’ বুলি উল্লেখ কৰিছে।

জেফ বেজোছে ই-কমাৰ্চ জায়েন্ট আমাজন প্ৰতিষ্ঠা কৰিছিল। আমাজনে নৱেম্বৰত চাকৰি কৰ্তনৰ কথা ঘোষণা কৰিছিল।

ইণ্টাৰনেট জায়েন্ট আমাজনেও মেটা আৰু টুইটাৰৰ বৃহৎ পৰিমাণৰ চাকৰি কৰ্তনৰ পিছত ইয়াৰ প্ৰায় ১০ হাজাৰ কৰ্মচাৰী কৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। পিছত এইটোও প্ৰকাশ পাইছিল যে কোম্পানীটোৱে প্ৰকৃততে ইয়াতকৈ কৰ্মচাৰীৰ সংখ্যা দুগুণ আঁতৰাব পাৰে। সমগ্ৰ কোম্পানীটোৰ প্ৰায় ২০ হাজাৰ কৰ্মচাৰীয়ে অহা মাহত চাকৰি হেৰুৱাব পাৰে, যাৰ ভিতৰত আছে বিতৰণ কেন্দ্ৰৰ কৰ্মচাৰী, প্ৰযুক্তি কৰ্মী আৰু কৰ্পোৰেট বিষয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply