নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাহিলী ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ আজি শততম খণ্ড সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ ৰাজভৱনত “মন কী বাত”ৰ শততম খণ্ডৰ প্ৰদৰ্শন কৰা হয় য’ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে এই বিশেষ স্ক্ৰীণিং প্ৰত্যক্ষ কৰে। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে।

অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। শ্ৰী কাটাৰিয়াই তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে আৰু ই নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনৰ ব্যাপ্তি সলনি কৰাত এক ভূমিকা পালন কৰিছে ৷ লগতে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্ৰতিফলিত কৰিছে, তেওঁ এইদৰে কয়।

ৰাজ্যপালগৰাকীয়ে কয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ দূৰৱৰ্তী অঞ্চলত থকা লোকসকলৰ কাষ চাপিবলৈ ৰেডিঅ’ক যোগাযোগৰ মাধ্যম হিচাপে বাছনি কৰিছে। মন কী বাত ৰেডিঅ’ৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা হৈ পৰিছে। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱপ্ৰজন্মৰ সৈতে এক অনন্য সম্পৰ্ক স্থাপন কৰিছে আৰু তেওঁৰ মন কী বাতৰ জৰিয়তে যুৱচামক উৎসাহিত কৰিছে।

ভাষণ প্ৰসংগত শ্ৰী কাটাৰিয়াই কয় যে মন কী বাতে স্বচ্ছ ভাৰত অভিযান, ক’ভিড টীকাকৰণ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ দৰে সামাজিক আন্দোলনত সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত কৰি তথা তেওঁলোকক অনুপ্ৰেৰিত কৰি গণ আন্দোলনৰ এক কাৰ্যকৰী সঁজুলি হিচাপে আত্মপ্ৰকাশ কৰিছে।

আজি ৰাজভৱনত অনুষ্ঠিত এই বিশেষ স্ক্ৰীণিঙত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, অসমৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী মনিন্দৰ সিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব অঞ্চলৰ সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণন, ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰী সমুদ্ৰগুপ্ত কাশ্যপ, অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী হৰমিৎ সিং তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৷

লগতে পঢ়ক – বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply