গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১০৭ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। শুকুৰবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৬৬ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত শুকুৰবাৰে ৪,০১৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১০৭ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দিনটোত এজনো ক’ভিড আক্রান্তৰ মৃত্যু হোৱা নাই।

দিনটোত সৰ্বাধিক ২৩ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ১১ জন লোক লখিমপুৰ জিলাত, ৭ জন লোক ডিব্ৰুগড় জিলাত, ৬ জন লোক বৰপেটা জিলাত আৰু ৬ জন লোক আক্রান্ত হৈছে মৰিগাঁও জিলাত। শুকুৰবাৰৰ দিনটোত ১০৭ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৬৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।

লগতে পঢ়ক – তেজপুৰ খনামুখত বিঘাই বিঘাই চৰকাৰী ভূমিত একাংশই জে চি বিৰে চলাইছে অবৈধ খনন কাৰ্য

ইফালে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১০৫ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে দিনটোত ৰাজ্যত মৃত্যু হোৱা নাই এজনো ক’ভিড ৰোগীৰ। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply