নিউজ ডেস্ক: মহাৰাষ্ট্ৰৰ এক চৰকাৰী অনুষ্ঠানত তীব্ৰ গৰমৰ ফলত অসুস্থ হৈ ১১ জন লোকৰ মৃত্যু হয়।
দেওবাৰে নৱী মুম্বাইৰ এখন বিশাল খেলপথাৰত মহাৰাষ্ট্ৰ চৰকাৰ উদ্যোগত ‘মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ’ প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছিল। অনুষ্ঠানটোলৈ পুৰষ্কাৰ প্ৰাপ্ত সমাজকৰ্মী সকলৰ হাজাৰ হাজাৰ অনুগামীসকল আহিছিল। উক্ত বঁটা প্ৰদান অনুষ্ঠানটো পুৱা ১১.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে চলিছিল আৰু সম্পূৰ্ণ অনুষ্ঠানটো হাজাৰ হাজাৰ দৰ্শকে মুকলি আকাশৰ তলত চাইছিল।
অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ো উপস্থিত আছিল।


অনুষ্ঠানটো চলি থকা সময়ত সেই এলেকাটোত প্ৰায় সৰ্বাধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ হৈছিল গৈ। যাৰ ফলত খেলপথাৰত অনুষ্ঠান চাবলৈ অহা বহু লোক গৰমত অসুস্থ হৈ পৰে। প্ৰায় ৫০ জন লোকক তাপ-সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে জনোৱা অনুসৰি, দেওবাৰে মহাৰাষ্ট্ৰ ভূষণ বঁটা অনুষ্ঠানত মুকলি কৈ বহি থকা এঘাৰজন লোকৰ হিট ষ্ট্ৰোকৰ ফলত মৃত্যু হয়।
মুখ্যমন্ত্ৰী একনাথ শিন্দে ঘটনাটোক “দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰে আৰু মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে।
লগতে পঢ়ক – অসমীয়া শিপিনীৰ সপোনৰ তাঁতশালখন