নিউজ ডেস্ক: মণিপুৰৰ ১১ গৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ক্ৰীড়াবিদে ঘূৰাই দিব বঁটা৷ ক্ৰীড়াবিদকেইগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷

মণিপুৰৰ কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাই অপাৰেশ্যন স্তব্ধ কৰাত ক্ষোভিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ক্ৰীড়াবিদকেইগৰাকীয়ে এই সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে এক সংবাদমেলৰ জৰিয়তে৷

ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত স্বাক্ষৰ প্ৰদান কৰে ধ্যানচান্দ বঁটা বিজয়ী এল অনিতা চানু (ভাৰোত্তোলন), অৰ্জুন বঁটাপ্ৰাপক নামেইৰাকপামকুঞ্জৰাণী দেৱী (ভাৰোত্তোলন), অৰ্জুন বঁটাপ্ৰাপক লাইশ্ৰম সৰিতা দেৱী (বক্সাৰ), পদ্মশ্ৰী আৰু অৰ্জুন বঁটাপ্ৰাপক ঐনাম বেম্বেম দেৱী (ফুটবল), অৰ্জুন বঁটা বিজয়ী আৰু অলিম্পিয়ান নাংবাম ছোনিয়া চানু, অৰ্জুন বঁটা বিজয়ী মায়ংলম্বম বিমোলজিত (উছু), অৰ্জুন বঁটা বিজয়ী ৱাংখেম সন্ধ্যাৰাণী দেৱী (উছু), অৰ্জুন বঁটা বিজয়ী য়ুমনাম সানাথোই (উছু), অৰ্জুন বঁটা বিজয়ী লিকমাবাম শুশীলা দেৱী (জুডো), ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা বিজয়ী ছৈখম মীৰাবাই চানু (ভাৰোত্তোলন) আৰু অৰ্জুন বঁটাপ্ৰাপক এম সুৰঞ্জয়(বক্সিং)য়ে।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী ক্ৰীড়াবিদসকলে কুকি উগ্ৰপন্থীৰ ভাবুকিৰ প্ৰতি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয় যে কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ মানুহক হত্যা কৰি মণিপুৰৰ ঘৰ জ্বলোৱাৰ পাচতো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। কেন্দ্ৰীয় নিৰাপত্তাৰ বৃহৎ কোম্পানীসমূহ নিয়োগ কৰাৰ পাচতো ৰাজ্যখনত উক্ত বাহিনীৰ নিষ্ক্ৰীয়তাক তীব্ৰ নিন্দা কৰে ক্ৰীড়াবিদসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply