মানকাচৰ : মানকাচৰত অঘটন। নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন কিশোৰ। কালো নদীত সন্ধানহীন ১১ বছৰীয়া কিশোৰ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত জোৰডাঙ্গাত এজন ১১ বছৰীয়া কিশোৰী কালো নদীত সন্ধানহীন হৈছে। মাতৃ আৰু ভগ্নীৰ সৈতে কালো নদীত গা ধুবলৈ নামিছিল কিশোৰজন। হঠাৎ পানীৰ সোঁতে উটুৱাই নিয়ে তিনিওঁকে।
লগতে পঢ়ক – ২ জুনলৈ অসমকে ধৰি এই কেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
প্ৰথমে তিনিওঁজন নোখোজ হৈ পৰে যদিও ৰাইজে কোনোমতে কিশোৰজনৰ মাতৃ মজিমা খাতুন আৰু ভগ্নী ছানিয়া খাতুনক উদ্ধাৰ কৰে। নদীত সন্ধাহীন হৈ পৰা ১১ বছৰীয়া কিশোৰজনৰ নাম মুক্তাৰ ভানু। এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ লোক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।