ৰূপহীহাট : ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো ধর্ষণকাণ্ড। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এক দলবদ্ধ ধর্ষণকাণ্ড সংঘটিত হোৱাৰ অভিযোগৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈছে আন এক জঘন্য ধর্ষণকাণ্ড। এগৰাকী ১১ বছৰীয়া কন্যা বলি হৈছে ধর্ষণৰ।
পুনৰ এক জঘন্য ধর্ষণকাণ্ডই জোকাৰি গৈছে নগাঁও জিলাৰ ৰূপহীহাট। ৰূপহীহাটত এগৰাকী ১১ বছৰীয়া কন্যা কামনাৰ বলি হৈছে এজন লম্পটৰ। আব্দুছ ছাত্তাৰ নামৰ এজন লম্পটে ১১ বছৰীয়া এগৰাকী কন্যাক ধর্ষণ কৰে।
দোকানলৈ বস্তু আনিবলৈ যোৱা ১১ বছৰীয়া নাবালিকা গৰাকীক দোকানী আব্দুছ ছাত্তাৰ নামৰ লম্পটজনে ধর্ষণ কৰে। ৰূপহীহাট কাছখাইতি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। ইতিমধ্যে আৰক্ষী চকীত ধর্ষণকাৰীজনৰ বিৰুদ্ধে এজাহা দাখিল কৰা হৈছে।
লগতে পঢ়ক – মহানগৰীত পুনৰ ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী
কাৱৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ৰাইজে ধর্ষণকাৰী আব্দুছ ছাত্তাৰৰ ফাঁচীৰ দাবী জনাইছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাছখাইতি গাঁৱত।