নিউজ ডেস্ক- আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ তৃতীয় দিন। প্ৰশাসনে শোণিতপুৰৰ বৰছলাৰ চলাব উচ্ছেদ অভিযান। শোণিতপুৰৰ মুঠ ১১ হাজাৰ ভূমিত বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।

উল্লেখ্য যে শোণিতপুৰৰ ৯টা চৰৰ ভিতৰত বিগত দুদিন ধৰি পাঁচটা চৰত উচ্ছেদ চলোৱা হৈছিল আৰু আজি তৃতীয় দিনা বাকী থকা ৪টা চৰত চলিছে উচ্ছেদ অভিযান। প্ৰায় ৬০খনকৈ নাও আৰু ৫০খনৰো অধিক ট্ৰেক্টৰেৰে প্ৰশাসনে আৰম্ভ কৰিছে এই অভিযান।

ইফালে, দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো চলিব উচ্ছেদ অভিযান। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ১০ হাজাৰ বিঘা ভূমিত বন বিভাগৰ উপস্থিতিত দৰং জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। দৰং জিলাৰ মুঠ ১১টা চৰত চলিব উচ্ছেদ অভিযান। ইয়াৰ ভিতৰত নবো চৰ, হামোচৰ, কৱৌটলি চৰ, পাঞ্চু চৰ, আৰিমাৰী চৰত চলিব উচ্ছেদ অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply