গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ১১৩ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আনহাতে দেওবাৰে ৰাজ্যত মৃত্যু ঘটিছে ১ জন ক’ভিড ৰোগীৰ। দেওবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১০.২৯ শতাংশ।

দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত দেওবাৰে ১,০৯৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১১৩ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইফালে ৰাজ্যত দেওবাৰৰ দুনটোত ১ জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।

দেওবাৰৰ দিনটোত সৰ্বাধিক ৩৬ জন লোক আক্রান্ত হৈছে কাছাৰ জিলাত। কাছাৰ জিলাৰ পিছতে ১৮ জন লোক কামৰূপ মহানগৰ জিলাত, ১০ জন লোক ডিমা হাছাও জিলাত, ৮ জন লোক ডিব্ৰুগড় জিলাত আৰু ৬ জন লোক আক্রান্ত হৈছে বিশ্বনাথ জিলাত। ইয়াৰ বিপৰীতে গোলাঘাট জিলাত এজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয় দেওবাৰৰ দিনটোত।

লগতে পঢ়ক –  নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ কনিষ্টবল

দেওবাৰৰ দিনটোত ১১৩ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৫,৫২৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত। ইফালে দেওবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৬৯২ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply