গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ১১৬ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে দিনটোত ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। সোমবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ২.৬৬ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত সোমবাৰে ৪,৩৫৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১১৬ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে সোমবাৰৰ এজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে।
দিনটোত সৰ্বাধিক ২৫ জন লোক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ পিছতে ৯ জন লোক শোণিতপুৰ জিলাত, ৮ জন লোক ডিব্ৰুগড় জিলাত, ৮ জন লোক কামৰূপ জিলাত আৰু ৬ জন লোক আক্রান্ত হৈছে লখিমপুৰ জিলাত। সোমবাৰৰ দিনটোত ১১৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৬০ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – অভিনেত্ৰী জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সম্বৰ্ধনা
ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১৮২ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হোৱা ক’ভিড ৰোগীজন হোজাই জিলাত। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।