নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য কল্যাণ আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্রধানমন্ত্রী আবাস যোজনা- গ্রামীণ। ২০১৬ চনত অসমত এই আঁচনি ৰূপায়ণ কৰি বৰ্তমানলৈকে ১১,৬৩,৪৭১ টা গৃহৰ নির্মাণ সম্পূর্ণ কৰা হৈছে বুলি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে।

গুৱাহাটীৰ পাঞ্জাবাৰীত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত মন্ত্ৰী গৰাকীয়ে জনাই যে, কেন্দ্ৰীয় চৰকাৰে এইপৰ্যন্ত অসমক ১৮,৩০,৪০০ টা গৃহ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা ভিতৰত বাকী থকা ৬,৬৬,৯২৯ টা গৃহৰ নিৰ্মাণ প্ৰক্ৰিয়া চলিত বৰ্যৰ ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

উক্ত আঁচনিৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চৰকাৰৰ পৰা ১৪,৫৪০.৮৪ কোটি টকা লাভ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে জনাই। লাভ কৰা মুঠৰ ধনৰাশিৰ ভিতৰত কেন্দ্ৰই ১৩,০৮৬.৭৬ কোটি টকা আগবঢ়োৱাৰ লগতে ৰাজ্য চৰকাৰৰ অংশ হিচাপে ১,৪৫৪.০৮ কোটি টকা আগবঢ়াইছে। লাভ কৰাৰ মুঠ ধনৰাশিৰ ভিতৰত PMYG গৃহৰ নিৰ্মাণৰ বাবদ বৰ্তমানলৈকে ১২,৫০৪.৭৯ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়।

ৰাজ্যৰ ৪০,০৯৬ গৰাকী ভূমিহীন হিতাধিকাৰীকো ভূমিৰ আবণ্টন জনোৱাৰ পিছত তেওঁলোকক বিভাগটোৱে PMAY-G ৰ অধীন গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছে। ইয়াৰ সমান্তৰালকৈ বিভাগটোৱে ২৬ টা সমূহীয়া বস্তিক ভূমিহীনক গৃহ প্ৰদান কৰাৰ প্ৰক্ৰিয়া চলি আছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।

২৬ টা সমূহীয়া বস্তিৰ ভিতৰত এইপর্যন্ত ৯৯ গৰাকী হিতাধিকাৰীক সামৰি সাতটা সমূহীয়া বস্তি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি কয়। বাকী থকা ১৯ টা বস্তি ৮৩৮ গৰাকী হিতাধিকাৰীক সামৰি  PMAY-G অধীনত গৃহ নিৰ্মাণ কৰি থকা হৈছে মন্ত্ৰী গৰাকীয়ে সাদৰী কৰে।

PMYG ৰ অধীনত বস্তি সমূহত গৃহ নিৰ্মাণক কাম অসমৰ দহখন জিলা বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ধুবুৰী, গোলাঘাট, লখিমপুৰ, হাইলাকান্দি, মৰিগাঁও আৰু নগাঁৱত চলি আছে। এই সমূহীয়া বস্তিৰ ভিতৰত ডিব্ৰুগড় জিলাৰ জয়পুৰ উন্নয়ন খণ্ডৰ জয়পুৰ গাঁও পঞ্চায়তত ১১৩ গৰাকী হিতাধিকাৰীক সামৰি দেশৰ আটাইতকৈ PMAY-G অধীনত ডাঙৰ বস্তি নিৰ্মাণ কৰি থকা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে দাবী কৰে।

ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে কয়, উত্তৰ প্ৰদেশৰ দৰে অসমতো একেলগে ২.৫ লাখ হিতাধিকাৰীক সামৰি এক গণ গৃহ প্ৰৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখ্য যে, PMYA-G আৱাস নিৰ্মাণৰ বাবে ৰাজ্যৰ ৩,৪০৫ গৰাকী লোকক ৰাজমিস্ত্রীৰ প্রশিক্ষণ দিয়া হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। লগতে, অসমত প্ৰথমবাৰৰ বাবে চাহ বাগিচা এলেকাত ৮১,৬৩৮ টা প্রধানমন্ত্রী আবাস যোজনা গৃহ নিৰ্মাণ কৰাৰ উপৰিও মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমান চৰকাৰখনে ২৫ টা মাহত ৰাজ্যখনত ৭,৫৯,১৬৩ টা PMYA-G গৃহ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।

লগতে পঢ়ক – নগাঁও আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply