নিউজ ডেস্ক: অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনী পেৰেড গ্ৰাউণ্ডত মঙলবাৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হোৱা ১১৭ নং বেটছৰ নৱ নিৰ্বাচিত আৰক্ষীৰ দীক্ষান্ত সমাৰোহত অনুষ্ঠিত হৈ যায়।

উক্ত সমাৰোহত অসম চৰকাৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকে আৰু তেওঁ দীক্ষান্ত হোৱা কেডাৰসকলৰ মাজৰ বিভিন্ন শিতানত অৰ্হতাপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰে।

তেওঁ কয় যে, বিগত সময়ছোৱাত যোগ্যতাৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীত যোগদান কৰাসকলৰ মাজৰ মুঠ ৮৭৯ গৰাকী ডেকা-গাভৰুৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ৪৩ সপ্তাহৰ কঠোৰ শ্ৰম আৰু কষ্ট সহিষ্ণুতাৰে তেওঁলোকৰ প্ৰাথমিক প্ৰশিক্ষণ সুকলমে সমাপ্ত কৰি এই দিনটোত উপস্থিত হোৱা প্ৰতিগৰাকী নৱআৰক্ষীক আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ।

লগতে তেওঁ কয়, বৃটিছৰ আমোলতে গঠন হোৱা অসম আৰক্ষীয়ে দেশৰ স্পৰ্শকাতৰ সময়ত সাহসিকতাৰে নিজৰ কৰ্তব্য সুকলমে পালন কৰি আহি আজি ভাৰতীয় আৰক্ষীৰ ভিতৰত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে আৰু সেইসূত্ৰে মহামান্য মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ‘ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰিবলৈ সক্ষম হৈছে। আশা কৰোঁ, এইসকল দীক্ষান্তপ্রাপ্ত কেদাৰে অসম আৰক্ষীৰ নাম অধিক উজলাই তুলিব।

উক্ত অনুষ্ঠানত মাননীয় পশ্চিম মণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক দিলীপ কুমাৰ দে, বিধায়ক আব্দুল কালাম ৰছেদ আলম, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বর্মন, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু দক্ষিণ শালমৰা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল, কামাণ্ডেণ্ট অফিচাৰ সকল, বিভিন্ন পদৰ বিষয়াসকল আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক – আজি তৃতীয় বৰ্গৰ ১১,৫১০ পদৰ ফলাফল ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply