গুৱাহাটী : অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ১১৯ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ভাল খবৰ যে দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই।বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ আছিল ১.৯২ শতাংশ।
দেশত পুনৰ মূৰ দাঙি উঠিছে মাৰাত্মক ক’ভিড ভাইৰাছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি অসমত বৃহস্পতিবাৰে ৬,২১৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, ইয়াৰে ১১৯ জন লোকৰ শৰীৰত নতুনকৈ ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এজনো লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা নাই বৃহস্পতিবাৰে।
দিনটোত সৰ্বাধিক ১৭ জন লোক আক্রান্ত হৈছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ পিছতে ১৫ জন লোক কামৰূপ মহানগৰ জিলাত, ১২ জন লোক গোৱালপাৰা জিলাত, ১১ জন লোক কামৰূপ জিলাত আৰু ৯ জন লোক আক্রান্ত হৈছে তিনিচুকীয়া জিলাত। বৃহস্পতিবাৰৰ দিনটোত ১১৯ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ২,৯৫৭ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যত।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ১৩৮ জনকৈ লোকক চিকিৎসালায়ৰ পৰা যাবলৈ দিয়া হয়। ভাল খবৰ যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত এজনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই। উল্লেখ্য যে ক’ভিডে পুনৰ মূৰ দাঙি উঠাৰ সময়তে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ তৃতীয় পালিৰ ভেকচিনেশ্যন।